

ইতিহাস সৃষ্টিৰে বৰ্ষাপাৰাত টেষ্ট ক্ৰিকেটৰ প্ৰথমটো বল বুমৰাহ
বিশ্ব টেষ্ট ভ্যেনুৰ মানচিত্ৰত অংকিত হ’ল গুৱাহাটী । টেষ্ট ক্ৰিকেটৰ পৰম্পৰা ভংগ কৰি বৰ্ষাপাৰা ষ্টেডিয়ামত নতুন ইতিহাস ।
[11/22, 12:32 PM] Nayanjyoti das: গুৱাহাটী : শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে ভাৰত-দক্ষিণ আফ্ৰিকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ । নিশ্চিতভাৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এইটো এক ঐতিহাসিক দিন । কিয়নো বিশ্ব টেষ্ট ভ্যেনুৰ মানচিত্ৰত অংকন হ’ল গুৱাহাটী । অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে টেষ্ট মেচ । এই ঐতিহাসিক দিনটোৰ ঐতিহাসিক ক্ষণত বৰ্ষাপাৰাত প্ৰথমটো টেষ্ট বল পৰে যশপ্ৰীত বুমৰাহৰ হাতেৰে ।